ড০ ইন্দুপ্রভা দেৱীলৈ অসম সাহিত্য সভাৰ বাসুদেৱ জালান স্মাৰক বঁটা:
গুৱাহাটী, ২৬ জুন: অসম সাহিত্য সভাৰ ২০২৬ বৰ্ষৰ সন্মানীয় বাসুদেৱ জালান স্মাৰক বঁটা এইবাৰ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখক, গৱেষক তথা অসম নেপালী সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি ড° ইন্দুপ্রভা দেৱীক প্ৰদান কৰা হ'ব। অসমীয়া আৰু নেপালী ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে, বিশিষ্ট সমাজসেৱী, ব্যৱসায়ী তথা কলা-সংস্কৃতিৰ সমন্বয়ক প্ৰয়াত বাসুদেৱ জালানৰ স্মৃতিত তেওঁৰ পৰিয়ালে আগবঢ়োৱা এটি ন্যাসৰ জৰিয়তে এই বঁটা প্ৰদান কৰা হয়। অহা ৩০ জুনত বিয়লি ৪ বজাৰ পৰা গুৱাহাটীৰ আমবাৰীস্থিত ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম সদনত অনুষ্ঠিত হ'বলগীয়া এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে এই বঁটা প্ৰদান কৰিব। বঁটাত আছে নগদ ১০ হাজাৰ টকা, স্মাৰক, প্রশস্তি-পত্র, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। এই বঁটা নিৰ্বাচনৰ বাবে গঠিত সমিতিত আছিল অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, প্ৰাক্তন সভাপতি কনকসেন ডেকা, উপসভাপতি পদুম ৰাজখোৱা, ন্যাসৰ সদস্য গোপাল জালান আৰু কৰ্ণধাৰ সমিতিৰ সদস্য ড° মাধুর্যমণ্ডিত বৰুৱা।
এই বঁটা প্রদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অসম সাহিত্য সভাৰ উদ্যোগত আৰু অসম নেপালী সাহিত্য সভাৰ সহযোগত একেটা স্থানতে গোর্খা জনগোষ্ঠীৰ এক বৌদ্ধিক আৰু সাংস্কৃতিক সমাবেশৰো আয়োজন কৰা হৈছে। অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত বিভিন্ন নৃগোষ্ঠীৰ মাজত ঐক্য, স্নেহ আৰু শান্তিপূর্ণ সহৱস্থান অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে ৰাজ্যৰ বিভিন্ন নৃগোষ্ঠীসমূহৰ মাজত ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ বাবে এনে ধাৰাবাহিক পদক্ষেপ গ্ৰহণ কৰি আহিছে।
অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া উক্ত সমাৰোহত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম নেপালী সাহিত্য সভাৰ সভাপতি ড° চিন্তামণি শর্মা, উপসভাপতি ড° কালিদাস শর্মা, প্ৰাক্তন সভাপতি নৱ সাপকোটা আৰু দুর্গা খতিৱড়া। ইয়াৰ লগতে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
Super Admin
Editor-in-Chief

